Wednesday, February 7, 2024

Dhemaji

মোৰ প্ৰেমৰ প্ৰস্তাৱ...

তোমাৰ প্ৰেমত পৰিবলৈকে মই পাগল
তোমাৰ কোমল অন্তৰখনিত
এটুকুৰা ঠাই পাবলৈ ব্যাকুল মই
তোমাৰ একাজলি মৰমতে মই
জীৱন জুৰাব বিচাৰো তোমাৰ মৰমৰ ছাঁত
পৰিবানে বাৰু তুমিও
বিচাৰিবানে তুমিও
মোৰ দৰেই....
মোৰ মৰমৰ সাগৰখনিত সাতুৰি-নাদুৰি
মোৰ সপোনৰ ৰঙেৰে
মোক ৰঙীণ কৰি তুলিবলৈ ???

জীৱন জুৰোৱা মোৰ শূণ্য পথাৰ খনিত
সিঁচিব বিচাৰো তোমাৰ প্ৰেমৰ বীজেৰে
এখনি সেউজ বাগিচা
য'ত থাকিম তুমি আৰু মই
মই আৰু তুমি
তাতেই ৰচিম দুয়ো জীৱনৰ সপোন

নোৱাৰো তোমাক দিবলে সৌ আকাশৰ তৰাটি
নোৱাৰো দিব সৌ পূৰ্ণিমাৰ জোনটি
কিন্তু তুমি বিচাৰিলে
মোৰ বুকুত ঢৰফৰাই থকা
কেঁচা কলিজাটিকো উলিয়াই দিম....
সেই তেজেৰেই লিখি দিম
তোমাক ভাল পাওঁ বুলি
তুমি মাত্র এবাৰ কোৱা মোক ভাল পাওঁ বুলি
জীৱনে-মৰণে তোমাৰেই হ'ম বুলি

কথা দিম তোমাক সাত জনমলৈ......|
তোমাৰ প্ৰেমতেই বলীয়া হ'ম মই
তোমাৰ বাবেই থাকিম সদায়
দুখে-সুখে হ'ম সংগী তোমাৰ
সেউজীয়া আবেশেৰে ভৰাই তুলিম
তোমাৰ জীৱন
এমুঠি জোনাকেৰে পোহৰাই তুলিম
তোমাৰ জীৱন

মাত্র এবাৰ কোৱা মোক
ভাল পাওঁ বুলি...

Xopun Xopun buli হাবাথুৰি খাইছো

#দুখীয়াৰ_সপোন

কেতিয়াবা অনুভৱ হৈছেনে, আপুনি অলপ বেলেগ।

 যেনে; আপুনি নিজৰ দৰে, আপুনি কাৰো দৰে নহয়। আপুনি কেতিয়াবা চুড়ান্ত অহংকাৰী, কেতিয়াবা বিনয়ে আপোনাৰ দুৰ্বলতা হৈ থিয় দিয়ে। 

কেতিয়াবা পাপ পুণ্যৰ বিচাৰ মনলৈ আহিছে নে? কেতিয়াবা প্ৰচণ্ড আত্মবিশ্বাসত পৃথিৱী জিনিম ভাবি পিছ মুহূৰ্ততে ৰুমৰ ভাড়া দিবলৈ লগৰটোক টকা তিনি হাজাৰ ধাৰলৈ বিচাৰি ফোন কৰি পাইছেনে? হৈছেনে কেতিয়াবা এনেকুৱা, নে এনেকুৱা কেৱল মোৰ লগতে হয়!

দুখীয়াৰ ড্ৰিমবোৰ আচলতে এনেকুৱাই হয়। 
কোৱা হয় an American dream is never die, কিন্তু এটা দুখীয়াৰ সপোন মৰি যাবও পাৰে, অথবা সকলো প্ৰতিকূলতা নেওচি আগুৱাই পৃথিৱী জিনিব পাৰে। দুখীয়াৰ সপোনবোৰ unpredictable...



33rd Guwahati Book Fair

SEIL


SEIL