মন গলেই এখনৰ পিছত এখনকৈ আকাশখন নতুবা জোনটোৰ ফটো উঠোৱাতো - এটা নিচা
বনফুলপাহ দেখিলেই তুলি লৈ চুলিত গুজি লোৱাটো - এটা নিচা
কাল্পনিক বুলি কৈ নিজৰ জীৱনৰেই কিছুমান বাস্তৱতা লিখাৰ মাজেৰে প্ৰকাশ কৰাটো - এটা নিচা
মাজনিশা ইঠাত শোৱাৰ পৰা উঠি প্ৰিয় উপন্যাস মেলি লৈ প্ৰিয় শাৰীকেইটা বাৰম্বাৰ আওৰাই নিজৰ কল্পনাৰ জগতখনত হেৰাই যোৱাটো - এটা নিচা
ফোনত ল'ভ ইমজিটোৰে নামাকৰণ কৰা সেই নিৰ্দিষ্ট প্লেলিষ্টটোৰ গানকেইটাকে ৰিপিট মুডত শুনি থকাতো - এটা নিচা
এই নিচাবোৰ নেৰিব কেতিয়াও । এইবোৰেই একো একোটা অজুহাত জীৱন জীয়াৰ, জীৱনৰ স্বাৰ্থত...

