Dzükou Valley কেনেকৈ যাব পাৰি
সাক্ষৰ জ্যোতি মহন্ত ৷৷
২৮/০৭/২০১৭
Dzükou Valley আছে নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তত ৷৷ আমি নাগালেণ্ডৰ কহিমাহৈ Dzükou লৈ গৈছিলো ৷৷ যাত্ৰাৰ আৰম্ভণিতে কেণা লাগিছিল ৷৷ গম পালো যোৱা কেইবাদিনো নাগালেণ্ডত প্ৰবল বৰষুণ দিয়া বাবে পাহাৰ খহি জু'ক' লৈ যোৱা চমু পথটো অৰ্থাৎ Viswema হৈ যোৱা বাটটো বন্ধ কৰি দিলে ৷৷ এতিয়া জু'ক'লৈ যোৱা ৰাষ্টা এটাই আছিল আৰু সেইটো হৈছে Zakhama ৷৷ Zakhama হৈ যাবৰ বাবে আমি প্ৰস্তুত নাছিলো কাৰণ আমি চমু আৰু সহজ পথেৰেহে Dzükou যাম বুলি গৈছিলো ৷৷ কিন্তু এতিয়া আমাৰ হাতত Zakhama হৈ যোৱাৰ বাহিৰে গত্যন্তৰ নাছিল ৷৷ Zakhama হৈ গ'লে ছঘন্টা পাহাৰ বগাওতেই লাগে বুলি আমি জানো আৰু অভিজ্ঞ ট্ৰেকাৰসকলহে সেইফালেদি যায় ৷৷ কিন্তু আমি পাৰিম জানো ?? এহ্ পাৰিম যা বুলি গুছি গ'লো ৷৷ কহিমাৰ পৰা Zakhama লেকে টেক্সিত যাব লাগে ৷৷ টেক্সি ডাইভাৰজনে Zakhama হৈ যাম বুলি শুনি “ৰহ পাবি মজা” বুলি যিটো হাঁহি মাৰি ক'লে, তাতেই আধাখিনি উদ্যমে হাৰ মানিলে ৷৷ নাই তথাপি যামেই যাম বুলি গুছি গ'লো ৷৷ Zakhama ৰ নিৰ্দিষ্ট স্থানৰ পৰা যাত্ৰা আৰম্ভ কৰিলো পিঠিত মস্ত বেগ এটা এটা লৈ ৷৷ আমি মুঠ সাতজন গৈছিলো ৷৷ অলপ গৈয়ে ভাগৰ লাগিলেই ৷৷ ফোপাই ফোপাই 45 মিনিট মান গ'লো ৷৷ তেনেতে আমাৰ গ্ৰুপৰ এজনে হাৰ মানিলে ৷৷ আৰু এখোজো আগলৈ যাব নোৱাৰে বুলি তেওঁ মাটিতে বহি পৰিল ৷৷ উপায় নাই আমি তেওঁকো এৰিব নোৱাৰো অকলে ঘুৰি যাবলৈ আৰু আমাৰ লগতো নিব নোৱাৰো এনেকে ৷৷ অৱশেষত তেওঁৰ বন্ধু এজনে নিজকে বলিদান দি অসুস্থজনৰ লগত ঘুৰি যোৱাৰ সিদ্ধান্ত ল'লে ৷৷ বাকী থকা 5 জনে আকৌ যাত্ৰা আৰম্ভ কৰিলো ৷৷ থিয় পাহাৰৰ ৰাষ্টা আৰু শিলৰ ষ্টেপেৰে যাব লাগে ৷৷ ক'ৰবাত সৰু, ক'ৰবাত ডাঙৰ শিলৰ ষ্টেপেৰে গৈ আছো ওপৰলৈ ৷৷ পাঁচ, দহটো ষ্টেপ গৈ যাব নোৱাৰি ৰৈ যাওঁ ৷৷ তাতে অত্যন্ত বৰষুণৰ মাজেৰে যাবলগীয়া হৈছে ৷৷ ভাগৰে হেঁচা মাৰি ধৰিছিল ৷৷ ক্ৰমান্নয়ে যাত্ৰাপথ কঠিণ হৈ আহিছিল ৷৷ গ্ৰুপৰ বাকীসকলৰো একেই অৱস্থা, এটা ষ্টেপো ওপৰলৈ যাবলৈ টান হৈছে ৷৷ 4 ঘন্টামান যোৱাৰ পাছত এনেকোৱা লাগিছিল আমি আহি ভুল কৰি দিলো নেকি বাৰু ?? কিন্তু তাৰ পাহাৰৰ অৰণ্যৰ মনোমোহা দৃশ্যই আমাৰ মনটোক push কৰিছিল ৷৷ আচৰিত ভাৱে মোৰ আনসকলতকৈ ভাগৰ কম লাগিছিল ৷৷ মই লাহে লাহে যোৱাৰ পৰিৱৰ্তে যিমান পাৰো বেগাই ওপৰলৈ উঠিলো ৷৷ বাকীসকলক পিছত এৰি মই অকলেই আগবাঢ়িলো ৷৷ প্ৰায় ছঘন্টা পাহাৰ বগাই অৱশেষত পাহাৰৰ শিখৰ পালোগে ৷৷ পাহাৰৰ শিখৰ পাই যিটো দৃশ্য দেখিলো, বিশ্বাস কৰক যোৱা 6 টা ঘন্টাত যিমান কষ্ট কৰিলো চব ছেকেণ্ডতে শেষ ৷৷ চকুৰ আগত Dzükou ৰ মনোমোহা দৃশ্য ৷৷ সপোন পূৰণ হ'ল ৷৷ ইমানখিনি কষ্ট সাৰ্থক হোৱা যেন লাগিল ৷৷ ইমান ধুনীয়া দৃশ্য জীৱনত দেখা নাছিলো ৷৷ তাতে ক্ষন্তেক জীৰণি ল'লো ৷৷ যোৱা ছটা ঘন্টা পাহাৰৰ ওপৰলৈ উঠিলো আৰু এতিয়া নামিব লাগে ৷৷ কিন্তু এতিয়া বাঁহজাতীয় সৰু আৰু চাপৰ তৃণৰ মাজেৰে খোজকাঢ়িব লাগিব ৷৷ বৰষুণৰ বাবে সৰু সৰু লুংলুঙীয়া বাটবোৰ বোকাময় হৈ আছে ৷৷ খোজকাঢ়োতে সাৱধানে যাব লাগে, নহ'লে পিছলি পৰিলে পাহাৰৰ তললৈ পৰাটো নিশ্চিত ৷৷ এনেকৈ পিঠিত প্ৰায় 30 কেজি মানৰ বেগ এটা লৈ প্ৰায় ডেৰ ঘন্টা খোজ কাঢ়ি জুক' ভেলীত থকা স্থায়ী অতিথিশাল পালোগে ৷৷ প্ৰায় আঠ ঘন্টা ট্ৰেকিং কৰি ভাগৰি পৰিছিলো ৷৷ ইফালে ভোকত পেটৰ কেছু কুমতি চব মৰিল ৷৷ অতিথিশালত থকা খোৱাৰ সুবিধা আছে ৷৷ কিন্তু আমি অতিথিশালত থাকিবলৈ সুবিধা নহবও পাৰে বাবে আগতিয়াৰৈ মণিপুৰৰ ট্ৰেভেল এজেঞ্চি এটা লগত যোগাযোগ কৰি থৈছিলো ৷৷ এজেঞ্চিটোৱে জুক' ভেলীৰ একেবাৰে তলত আৰু মূল অংশত কেম্প সাজি থৈছিল ৷৷ অতিথিশালৰ পৰা আমি কেম্পসমূহ দেখি আছিলো ৷৷ কিন্তু অতিথিশালৰ পৰাও কেম্পলৈ আকৌ ডেৰ ঘন্টা লাগিব ক'লে ৷৷ আমি অতিথি শালতে ভাত খাই (ভাত, দাইল, ভাজি - 200 টকা) কেম্পলৈ গতি কৰিলো ৷৷ অৱশেষত পুৱা ৮ বজাৰ পৰা আৰম্ভ কৰা যাত্ৰা 5.30 মানত শেষ হৈছিল ৷৷ শৰীৰ একেবাৰে অৱশ হৈ পৰিছিল তথাপি জুক'ৰ সৌন্দৰ্যই সকলো পাহৰাই পেলাইছিল ৷৷ অতিথিশালৰ সকলো আচৰিত হৈছিল আমি অতিথিশালত নাথাকি একেদিনাই জুক'ৰ মূল অংশলৈ যোৱাত ৷৷ কাৰণ একেদিনাই ইমানখিনি কষ্টকৰ ঠাই ট্ৰেকিং কৰাটো সহজ কথা নহয় ৷৷ জুক' ভেলীৰ বাটবোৰ দেখাত সহজ যদিও পিঠিত গধুৰ বোজা লৈ গতি কৰাটো তাতকৈ কঠিণ ৷৷
জুক'ত আমাৰ বাবে কেম্প সাজু আছিল ৷৷ তাতে চাহ একাপ খাই কেম্পতে খন্তেক জীৰণি লৈ বাহিৰৰ সৌন্দৰ্য উপভোগ কৰিলো ৷৷ ৰাতি বৰষুণ আৰু বতাহৰ বাবে প্ৰচণ্ড ঠাণ্ডা তাত ৷৷ ৰাতি কেম্পৰ বাহিৰলৈ ওলোৱা কথা সপোনতো ভাবিব নোৱাৰি ৷৷ এনেদৰে ৰাতিটো কটাই পুৱা সোণকালেই উঠি কিবা এটা খাই জুক' ফুৰিলো আৰু নিদিষ্ট সময়ত উভতিবলৈ সাজু হ'লো ৷৷ উভতনি যাত্ৰা তুলনামূলকভাৱে সহজ কাৰণ পাহাৰৰ পৰা তললৈ নামিব লাগে ৷৷ আমি প্ৰায় তিনি বজাত আহি তল পালোহি আৰু লোকেল টেক্সি এখনত আহি কহিমা পাওঁ ৷৷
চমুকৈ আমাৰ যাত্ৰা এনেকোৱাই আছিল ৷৷ এতিয়া আহো Dzükou লৈ যোৱা, থকা, খোৱা আৰু ল'বলগীয়া সাৱধানতাৰ বিষয়ে -
1/ ডিমাপুৰ হৈ যাবৰ বাবে সহজ ৷৷ ট্ৰেইনেৰে ডিমাপুৰ গ'লে ষ্টেচনৰ বাহিৰতে টেক্সি পাবই ৷ ভাড়া 220 টকা ল'ব কহিমালৈ ৷৷ কহিমাত গৈ টেক্সি ষ্টেণ্ডৰ আশে পাশেই হোটেলত থাকিব পাৰিব ৷৷
.
2/ Dzükou লৈ যাওঁতে নাগালেণ্ডৰ Inner Line Permit ওলিয়াবলৈ নাপাহৰিব ৷৷ চেক্ নকৰিলে একো নাই কিন্তু কেতিয়াবা Inner Line Permit নাথাকিলে হোটেলটো নাৰাখে ৷৷ Online যোগেদিও Permit ওলিয়াব পাৰিব ৷৷ আপোনালোকৰ সুবিধা বাবে লিংক এটা দি দিছো http://www.ilp.nagaland.gov.in/ApplyOnline.aspx
.
3/সাৱধানতা - Zakhama হৈ জুক'লৈ যোৱাটো সহজ নহয় ৷৷ দেখাত জুক' যিমান ধুনীয়া কিন্তু তাৰ যাত্ৰাপথ তাতকৈ বহুত কঠিণ ৷৷ পাৰিলে Viswema হৈ যাব ৷৷ কিন্তু যাত্ৰাটো যদি অধিক ৰোমাঞ্চকৰ কৰিব বিচাৰে তেন্তে Zakhama হৈ যাওঁক ৷৷ কিন্তু যোৱাৰ আগতে কেইটামান কথা মন কৰিব -
-** শাৰীৰিক অসুবিধা থাকিলে যোৱাৰ আগত সাৱধান হ'ব ৷৷ মূৰ ঘুৰণী, বমি, গেছ, বুকু ঢপ্ ঢপনি নিচিনা সৰু যেন লগা অসুখ যদি থাকে তেন্তে যোৱাৰ আগত ডাক্তৰৰ পৰামৰ্শ আৰু দৰব পাতি লৈ যাব ৷৷
-** বাটত খাবলৈ লঘু আহাৰ জাতীয় আপুনি যি ভালপায় নিব ৷৷ চাব যাতে ভোক লাগিলেও অধিক নাখায় ৷৷ নহ'লে পাছৰ যাত্ৰাপথ বেছি কষ্টকৰ হ'ব ৷৷ আমি আপেল, নাচপতি, চকলেট্ আদি নিছিলো ৷৷
-** পৰাপক্ষত কম বস্তু নিব ৷৷ ধৰক এটা টৰ্চ, গৰম কাপোৰ, ৰেইন ক'ট, এখন কটাৰি,এটা দিয়াশলাই, চাৰ্জ লাইট, পানীৰ বটল, ভাল জোতা (ট্ৰেকিং কৰা জোতা হ'লে ভাল), চকলেট্, Red bullএনাৰ্জি ড্ৰিংক ধৰণৰ কেইপদমান বস্তু ৷৷ পিঠিত নিয়া বেগটো সুবিধাজনক নিব ৷৷ এনেই ফুৰিবলৈ নিয়া ধৰণৰ যিকোনো বেগ লৈ গ'লে সেইটো পিছত কাল হ'বগে ৷৷
- যোৱাৰ আগত যদি পাৰে ঘৰত থাকোতে অলপ খোজকঢ়াৰ অভ্যাসটো কৰি যাব ৷৷ তেতিয়া কষ্ট অলপ কম হ'ব ৷৷
.
4/গাইডৰ সুবিধাও আছে ৷৷ কিন্তু তালৈ যাবৰ বাবে গাইডৰ প্ৰয়োজন নহয় ৷৷ নিদিষ্ট ৰাষ্টা এটাই যেতিয়া ৰাষ্টা হেৰুৱা কথাই নাহে ৷৷ তথাপি কোনোবাই ইচ্ছা কৰিলে তাত গাইডৰ সুবিধাও পাব ৷৷
৷
5/ থকা খোৱাৰ সুবিধা - আমি আগতিয়াকৈ এজেঞ্চিৰ লগত যোগাযোগ কৰি গৈছিলো ৷৷ তেওঁলোকে সকলো খোৱা, থকাৰ সুবিধাকৰি দিছিল ৷৷ আপোনালোকে ইচ্ছা কৰিলে অতিথিশালতে থাকিব পাৰে ৷৷ গাইপতি 50 টকা ল'ব তাত ৷৷ তাত কম্বল, অন্যান্য কাপোৰ, নিজে ৰান্ধি খালে খৰি, ভাত, চাহ সকলোৰে মূল্য বেলেগ বেলেগ ৷৷ ধৰক তাত দুসাজ ভাত, চাহ, ব্ৰকফাষ্ট আৰু এটা নিশা থকাৰ বাবত এজনৰ প্ৰায় ৮০০ টকামান খৰছ হ'ব ৷৷ গোটেই যাত্ৰাটোত (ঘৰৰ পৰা যোৱা পৰা অহালৈকে) 3000/3500 তকৈ বেছি খৰছ নহয় ৷৷
.
6/ মোবাইলৰ নেটৰ্ৱক তাত নাপায় ৷৷ যাত্ৰাপথত ওখ ঠাই কিছুমানত পাব পাৰে অলপ কিন্তু জুক'ত প্ৰবেশ কৰাৰ লগে লগে কোনো নেটৱক নাপায় ৷৷
৷
Dzükou ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজতে এটা বেয়া কথাও আছে ৷৷ সেইটো হৈছে প্ৰদূষণ ৷৷ ক্ৰমান্বয়ে ঠাইখন লেতেৰা হৈ আহিছে ৷৷ এতিয়া তাত পূৰ্বৰ দৰে জুক' লিলিফুল নুফুলে ৷৷ ফুলৰ উপত্যকাত এতিয়া ফুল কমিছে ৷৷ ই এক উদ্বিগ্নতাৰ বিষয় ৷৷ ইয়াৰ বাবে দোষী তালৈ যোৱা পৰ্যটকসকল আৰু তাত কৰ্মত নিযুক্ত ব্যক্তিসকলো ৷৷ তালৈ নিয়া পানীবটল, বিভিন্ন খোৱাবস্তুৰ পেকেট পেলাই পেলাই ঠাইটুকুৰা লেতেৰা কৰি তুলিছে ৷৷ তদুপৰি য'ত ত'ত মলো ত্যাগ কৰে ৷৷ মণিপুৰ আৰু নাগালেণ্ড চৰকাৰে উচিত ব্যৱস্থা নল'লে আৰু পৰ্যটকসকলেও চাফচিকুনতাক গুৰুত্বসহকাৰে নল'লে হয়টো আৰু এটা দশকৰ পাছত জুক' এটা ডাষ্টবিনলৈ পৰিণত হ'ব ৷৷ জুক'ক No plastic Zone কৰিব বিচাৰিছে যদিও সফলতা পোৱা নাই ৷৷
৷
এইখিনি কথা মনত ৰাখি আগতিয়াকৈ প্ৰস্তুত হৈ গ'লে জুক'ৰ আনন্দকণ সুকীয়া হ'ব ৷৷ ছুইজাৰলেণ্ড, আইচলেণ্ড, নেডাৰলেণ্ড নগৈ গাতে লাগি থকা নাগালেণ্ড গ'লেও সেইবোৰ ঠাইতকৈ অধিক সৌন্দৰ্য উপভোগ কৰিব পাৰি ৷৷ গতিকে দেৰি নকৰিব, জুক' যাওঁক আৰু প্ৰকৃতিৰ মাজত এটা দিন কটাই আহক ৷৷


0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home