Wednesday, October 5, 2022

সমাজৰ ভূমিকা অবিহনে কোনো ভাল কাম হ'ব নোৱাৰে--- ডা: মোহন ভাগৱত ।

ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ সৰসংঘচালক ডা: শ্ৰীমোহন ভাগৱত। 

বিজয়া দশমী উপলক্ষে দিয়া ভাষনৰ সাৰাংশ। 

আহিন মাহৰ শুক্ল দশমী, বুধবাৰ, ৫ অক্টোবৰ ২০২২

সমাজৰ ভূমিকা অবিহনে কোনো ভাল কাম হ'ব নোৱাৰে--- ডা: মোহন ভাগবত। 

নৱৰাত্ৰিৰ শক্তি পূজাৰ অন্তত বিজয়েৰে উদিত হবলগীয়া আহিন মাহৰ শুল্ক দশমীৰ দিনা আমি প্ৰতিবছৰৰ দৰে বিজয়া দশমী উৎসব পালন কৰাৰ বাবে আমি ইয়াত একত্ৰিত হৈছো৷ শিৱৰ গুণ আহৰণ কৰাত [শিৱ সংকল্প] সফল হোৱাৰ আধাৰেই হল শক্তিস্বৰূপা জগৎজননী ৷ সকলোতে পবিত্ৰতা আৰু শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে শক্তিৰ আধাৰ অনিবাৰ্য৷ সংযোগবশতঃ আজি মুখ্য অতিথিৰ ৰূপত নিজৰ গৰিমাময়ী উপস্থিতিৰে আমাক লাভান্বিত আৰু আনন্দিত কৰোতা শ্ৰীমতী সন্তোষ যাদবে সেই শক্তিৰ আৰু চৈতন্যৰ প্ৰতিনিধিত্ব কৰিছে৷ তেওঁ গৌৰীশঙ্কৰৰ উচ্ছতাত দুবাৰ¸ আৰোহন কৰিছে৷
সংঘৰ কাৰ্য্যক্ৰম সমূহত অতিথি হিচাবে সমাজক প্ৰবুদ্ধ তথা দায়িত্বশীল মহিলাৰ উপস্থিতিৰ পৰম্পৰা পুৰণি৷ ব্যক্তি নিৰ্মাণৰ বাবে শাখা পদ্ধতি পুৰুষ অথবা মহিলাৰ বাবে সংঘ আৰু সমিতি বেলেগে বেলেগে চলে৷ বাকী সকলো কামতেই মহিলা আৰু পুৰুষে একেলগে এই দুয়োটা লগ হৈয়েই কাৰ্য্য সম্পাদন কৰে৷ ভাৰতীয় পৰম্পৰাত এই পৰিপূৰক দৃষ্টিকেই বিচাৰ-বিবেচনা কৰা হৈছে৷ আমি সেই দৃষ্টি পাহৰি পেলাইছো, মাতৃশক্তিক সীমিত কৰি পেলাইছো৷ নিৰন্তৰ আক্ৰমন বোৰৰ পৰিস্থিতিয়ে এই মিছাকথাক সেই সময়ত এক বৈধতা প্ৰদান কৰিলে তথা তাক এক অভ্যাসৰ ৰূপ দিলে৷ ভাৰতৰ নব-উত্থানৰ ঊষাকালৰ প্ৰথম আঘাটৰ ফল স্বৰূপে আমাৰ সকলো মহাপুৰুষে এই দেশাচাৰ পৰিত্যাগ কবি মাতৃশক্তিক একেবাৰে দেবতা স্বৰূপ গণ্য কৰি পূজা ঘৰত আবদ্ধ কৰি ৰখা অথবা দ্বিতীয় শ্ৰেণীৰ বুলি গণ্য কৰি পাকঘৰত সন্মানিত কৰা, এই দুয়োটা আসক্তিকেই নিলগাই থৈ মাতৃশক্তিক জগাই তোলা, শক্তিশালী কৰা তথা সমাজৰ সকলো কাম-কাজতে, সিদ্ধান্ত গ্ৰহণকাৰী সহিতে সমান সহভাগিতাৰ ওপৰতেই বল দিছে৷ ভিন্ন ভিন্ন প্ৰকাৰৰ অনুভব সমূহৰ খুন্দা খাই বিশ্বত প্ৰচলিত ব্যক্তিবাদী তথা নাৰীবাদী দৃষ্টিকোণ বোৰেও এতিয়া এইফালে নিজৰ বিচাৰ বিবেচনাৰ মোড় সলাব ধৰিছে৷ ২০১৭ চনত বিভিন্ন সংগঠনত কাম কৰা মহিলা কাৰ্যকৰ্তাসকলে লগ হৈ ভাৰতৰ মহিলাৰ ওপৰত এক ব্যাপক আৰু সৰ্ব্বাঙ্গীন জৰীপ চলায়৷ ইয়াক প্ৰশাসনকো দাখিল কৰে৷ সেই জৰীপ সাৰমৰ্মতো মাতৃশক্তিৰ জাগৰণ, সশক্তিকৰণ তথা তেওঁলোকৰ সমান সহভাগিতাৰ আবশ্যকতাক মুখ্য ৰূপত দাঙি ধৰা হৈছে৷ এই কাৰ্য্য পৰিয়াল স্তৰৰ পৰা আৰম্ভ হৈ সংগঠনলৈ স্বীকৃত আৰু প্ৰচলিত হব লাগিব আৰু তেতিয়াহে মাতৃশক্তি সহিতে সম্পূৰ্ণ সমাজক সংহতি ৰাষ্ট্ৰীয় নাৰোত্থানত নিজৰ ভূমিকা সফলভাবে নিৰ্বাহন কৰিব পাৰিব ৷
এই ৰাষ্ট্ৰীয় নবোত্থানৰ প্ৰক্ৰিয়াক বৰ্তমান সাধাৰণ মানুহেও অনুভব কৰিব ধৰিছে৷ আমাৰ প্ৰিয় ভাষতবৰ্ষৰ বলবৃদ্ধিত, চৰিত্ৰত তথা জাগতিক প্ৰতিষ্ঠাৰ উত্থানৰ নিৰন্তৰ ক্ৰম দেখিবলৈ পাই আমি আটায়ে আনন্দিত অনুভব কৰিছো৷ সকলো ক্ষেত্ৰতে আত্মনিৰ্ভৰতাৰ দিশে লৈ যোৱা নীতি সমূহৰ অনুসৰণ কৰাৰ উদ্যম প্ৰশাসনৰ দ্বাৰা হ’ব ধৰিছে৷ বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত এতিয়া ভাৰতৰ মহত্ব তথা বিশ্বাসযোগ্যতা বৃদ্ধি পাইছে৷ সুৰক্ষাৰ ক্ষেত্ৰত আমি অধিকাধিক স্বাবলম্বী হবলৈ গৈ আছো৷ কোৰোণাৰ আপদৰ পৰা উদ্ধাৰ হৈ অতি সোনকালে আমাৰ অৰ্থব্যবস্থাৰ পূৰ্ব স্থিতি লৈকে অনিবলৈ সক্ষম হৈ আছে৷ আধুনিক ভাৰতৰ এই যাত্ৰাৰ আৰ্থিক, টেকনিকেল তথা সাংস্কৃতিক বুনিয়াদী সাঁচাৰ বৰ্ণনা নতুন দিল্লীক কৰ্তব্যপথৰ উদ্বোধনী সমাৰোহৰ সময়ত প্ৰধানমন্ত্ৰী ভাঙৰীয়াৰ পৰা আপোনালোকে শুনিছেই৷ প্ৰশাসনৰ দ্বাৰা স্পষ্ট ৰূপে কৰা এই ঘোষণাৰ দিশ-নিৰ্দেশনা অভিনন্দন যোগ্য৷ কিন্তু এই দিনে আমি আটায়ে মন, বচন, কৰ্মৰে এক হৈ চলোহঁক, ইয়াৰ আবশ্যকতা আছে৷ আত্মনিৰ্ভৰতাৰ পথত আগবাঢ়োতে আমাৰ ৰাষ্ট্ৰৰ আত্মস্বৰূপক, শাসন, প্ৰশাসন আৰু সমাজে স্পষ্ট ৰূপে বুজিব লাগিব, এইটো অনিবাৰ্য্য পূৰ্ববৰ্ত্ত৷ নিজ নিজ স্থান অথবা পৰিস্থিতিত ইয়াৰ আধাৰত আগবাঢ়োতে আবশ্যকতা অনুসাৰে কিছু শিথিলতা ধাৰণ কৰিবলগীয়া হয়৷ তেতিয়া নিজৰ বুদ্ধিমত্তাকে তথা বিশ্বাস অক্ষুণ্ণ ৰাখি সম্মুখ যাত্ৰাক বৰ্তাই ৰাখিব লাগে৷ বিচাৰ-বিবেচনাৰ স্পষ্টতা, সমদৃষ্টি তথা দৃঢ়তা, স্থিতিস্থাপকতাৰ মৰ্য্যাদাৰ জ্ঞান প্ৰদান কৰি ভুলৰ পৰা অথবা পথভ্ৰষ্টতাৰ পৰা ৰক্ষা পৰিব পাৰি৷ শাসন, প্ৰশাসন, বিভিন্ন প্ৰকাশক নেতা তথা সমাজে এনে ধৰনৰ স্বাৰ্থ আৰু ভেদভাবৰ পৰা আতৰত থাকি সহৃদয়তাৰে কৰ্তব্য পথত আগুৱান হয়, তেতিয়াছে ৰাষ্ট্ৰই× প্ৰগতিৰ দিশে অগ্ৰসৰ হয়৷ শাসন-প্ৰশাসন তথা নেতাসকলে নিজৰ কৰ্তব্য পালন কৰিবই, সমাজেও নিজস্ব কৰ্তব্য বিচাৰ বিবেচনা পূৰ্বক নিৰ্বাহন কৰিব লাগে৷
এই নবোত্থানৰ প্ৰক্ৰিয়াত বাধা সমূহ অতিক্ৰম কৰাৰ কাম কৰিব লাগিব ৷ প্ৰথম বাধা হল - গতানুগতিকতা৷ সময়ৰ লগে লগে মানুহৰ জ্ঞানৰ পৰিধি বাঢ়ি গৈ থাকে৷ সময় অনুসৰি কিছুমান বস্তু সলনি হয়, কিছু বিলুপ্ত হৈ যায়৷ কিছুমান নতুন কথা আৰু পৰিস্থিতিৰ জন্মও হয়৷ সেই কাৰণে নতুন সংৰচনা কৰাৰ সময়ত আমি পৰম্পৰা আৰু সাময়িকতাৰ সমন্বয় সাধন কৰিব লগীয়া হয়৷ কালবাহ্য হোৱা কথাবোৰ পৰিত্যাগ কৰি নতুন যুগানুকুল আৰু দেশানুকূল পৰম্পৰা গঢ়িবলগীয়া হয়, তেনে সময়ত আমাৰ পৰিচয়, সংস্কৃতি, জীৱন দৃষ্টি আদিক অবমান্য কৰিব খোজা শাশ্বত মূল্যৰ অবক্ষয় নোহোৱা, সেইবোৰৰ প্ৰতি শ্ৰদ্ধা আৰু তাৰ আচৰণ পূৰ্বৰ দৰে অক্ষুণ্ণ থাকে তাৰ প্ৰতি সাবধানতা অবলম্বন কৰিব লাগিব ৷
দ্বিতীয় প্ৰকাৰৰ বাধা ভাৰতক একতা আৰু উন্নতি নিবিচৰা শক্তি সমূহে নিৰ্মাণ কৰে৷ ভুল অথবা অসত্য ধাৰণা কিছুমান প্ৰসাৰিত কৰি ভ্ৰম উৎপন্ন কৰা, আততায়ীৰ কাম কৰা অথবা তাক উৎসাহিত কৰা আৰু সমাজত আতঙ্ক, কাজিয়া পেচাল আৰু আৰাজকতাক বৃদ্ধি কৰি যোৱা আদি তেওলোকৰ কাৰ্য্য পদ্ধতিৰ অনুভব আমি পায়েই আছো৷ সমাজৰ বিভিন্ন বৰ্গত স্বাৰ্থ আৰু বিদ্বেষৰ আধাৰত পৃথকতা আৰু শত্ৰুতা বঢ়োৱাৰ কাম স্বতন্ত্ৰ ভাৰততো তেওলোকৰ দ্বাৰা চলি আছে৷ তেওলোকৰ ছলনাত ভৰি নিদিয়াকে, তেওঁলোকৰ ভাষা, পন্থ, প্ৰান্ত, নীতি যিয়েই নহওক, তেওলোকৰ প্ৰতি মোহশূন্য হৈ নিৰ্ভয় চিত্তে তাৰ নিষেধ আৰু প্ৰতিকাৰ কৰিব লাগে৷ শাসন প্ৰশাসনৰ এই শক্তি সমূহক নিয়ন্ত্ৰণ আৰু নিৰ্মূল কৰাৰ প্ৰচেষ্টাত আমিও সহায়ক হ’ব লাগে৷ সমাজৰ সফল আক সফল সহযোগৰ দ্বাৰাহে দেশৰ সুৰক্ষা আৰু একাত্মতা সুনিশ্চিত হব পাৰে৷
সমাজৰ শক্তিশালী ভূমিকা অবিহনে কোনো ভাল কাম অথবা কোনো পৰিবৰ্ত্তন যশম্বী আৰু স্থায়ী হ’ব নোৱাৰে, ইয়াৰ অনুভব আমি সকলোতে দেখিছো ৷ ভাল ব্যবস্থাও মানুহে মানি ন’ললে অথবা মানুহে মনেৰে গ্ৰহণ নকৰিলে, নচলে ৷
বিশ্বলৈ অহা অথবা অন্য সকলো ডাঙৰ আৰু স্থায়ী পৰিবৰ্তন সমূহত সমাজৰ জাগৰণৰ পিছতহে ব্যৱস্থাত তথা শাসনতন্ত্ৰত পৰিবৰ্ত্তন আহিছে৷ মাতৃভাষাত শিক্ষা প্ৰদানৰ নীতি হব লাগে এইটো অত্যন্ত উচিত বিন্তাধাৰা আৰু নতুন শিক্ষা নীতিৰ জৰিয়তে শাসন প্ৰশাসনে পৰ্য্যাপ্ত মনোযোগ দিও আছে৷ কিন্তু আমাৰ ল’ৰা-ছোৱালী বোৰক  মাতৃভাষাত পঢ়ুৱাবলৈ অভিভাবক সকলে বিচাৰেনে? অথবা তথাকথিত আৰ্থিক লাভ অথবা Carrer [যত শিক্ষাতকৈও অধিক আবশ্যকতা উদ্যম, সাহস আৰু বোধশক্তিৰ থাকে] মৃগ মাৰীচিকা পিচত কণামুনা দৌৰত আমাক ল’ৰা ছোৱালী বোৰক দৌৰাব খুঁজে? মাতৃভাষাৰ প্ৰতিষ্ঠা চৰকাৰৰ দ্বাৰা কৰাব খোজাৰ সময়ত আমি এইটোও চাব লাগে যে আমি আমাৰ হস্তাক্ষৰ¸ মাতৃভাষাত কৰো নে নাই? আমাৰ ঘৰৰ নামফলক খন মাতৃ×ভাষাত লিখা হৈছে নে নাই? ঘৰৰ আনুষ্ঠানিক নিমন্ত্ৰণীপত্ৰখন মাতৃভাষাত পঠিওৱা হয় নে নহয়?নতুন শিক্ষা নীতিৰ দ্বাৰা এজন ছাত্ৰ ভাল মানুহ হওক, তেওঁৰ মাজত দেশপ্ৰেমৰ মনোভাৱ জাগ্ৰত হওক আৰু এজন সংস্কৃতিৱান নাগৰিক হৈ উঠক সেয়াই পৰিকল্পনা। কিন্তু এজন সুশিক্ষিত ব্যক্তিয়েও শিক্ষাৰ  সামগ্ৰিক উদ্দেশ্য মনত ৰাখিব লাগিব । এই দিশটোৰ ওপৰত আমি সচা অৰ্থ ত মনোনিৱেশ কৰিব পাৰিছো নে? যদিহে আমি সচা অৰ্থ ত এই ক্ষেত্ৰত মনোনিৱেশ দিব পৰা নাই তেন্তে ইয়াৰ অবিহনে বিদ্যালয়ৰ শিক্ষা কেতিয়াও ফলপ্ৰসূ হ'ব নোৱাৰে । 
ভাৰতবৰ্ষ ত সংবিধানে বিশেষ ভুমিকা পালন কৰি আহিছে । এই সংবিধানৰ বাবেই ৰাজনৈতিক তথা অৰ্থনৈতিক সমতা প্ৰতিষ্ঠা হ’ল, কিন্তু তেতিয়ালৈ  সামাজিক সমতাৰ প্ৰকৃত আৰু স্থায়ী পৰিৱৰ্তন নাহিব তেতিয়া লৈ , ড° বাবা চাহাব আম্বেদকাৰ জী ৰ সপোনৰ ভাৰতবৰ্ষ খন সচা অৰ্থ ত আমি দেখিবলৈ নাপাম ।  সচা অৰ্থ ত যদি আমি পৰিৱৰ্তন বিছাৰিছো তেন্তে সমাজত এক শক্তিশালী মানসিকতা গঢ়ি তোলাটো অতি প্ৰয়োজনীয়।ইয়াৰ কাৰনে নিজস্ব ভোগবাদ তথা শোষণ ৰ মানসিকতা ক উঘালি পেলাব লাগিব ।  ভাৰতৰ দৰে বৃহৎ জনসংখ্যা থকা দেশত অৰ্থনৈতিক আৰু উন্নয়ন নীতি নিয়োগমুখী হ’ব বুলি আশা কৰাটো স্বাভাৱিক। কিন্তু কৰ্মসংস্থাপন মানে অকল চৰকাৰী চাকৰি নহয়, এই কথা সমাজে ও বুজি উঠিব লাগিব ।কামৰ সৰু ডাঙৰ বুলি একো নাথাকে, কঠোৰ পৰিশ্ৰম, পুঁজি আৰু বৌদ্ধিক শ্ৰম আদি সকলোৰে গুৰুত্ব সমান, এই বিশ্বাসক  আমি স্বীকাৰ কৰিব লাগিব লগতে  উঠি অহা নৱ প্ৰজন্ম ক আমি উৎসাহিত কৰিব লাগিব। প্ৰতিখন জিলাতে নিয়োগ প্ৰশিক্ষণ কেন্দ্ৰ ৰ পৰিকল্পনা কৰিব লাগে । যাতে নিবনুৱা সকলে নিজৰ জিলাখনতে নিয়োগ লাভ কৰিব পাৰে । এটা সময় আছিল যিটো সময়ত সমাজে  চৰকাৰৰ পৰা বিভিন্ন শিতানত সহায় পোৱাৰ আশা মনত বান্ধি আছিল কিন্তু কৰোনাৰ কালচোৱাত সমাজে অনুভৱ কৰিছে যে সমাজৰ সংগঠিত শক্তি য়ে সমাজৰ হৈ যথেষ্ট খিনি কৰিব পাৰে ।  শেহতীয়া ভাৱে প্ৰায় ২৭৫ খন জিলাত স্বদেশী জাগৰণ মঞ্চৰ সহযোগত স্থানীয় স্বয়ংসেৱক সকলে এই পৰীক্ষা আৰম্ভ কৰিছে। এই প্ৰয়োগৰ ফলত তেওঁলোকে প্ৰাৰম্ভিক পৰ্যায় নিজেই নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাত সফল হৈছে।আমি সকলো ক্ষেত্ৰতেই চৰকাৰৰ পৰা আশা কৰি হাত সাৱটি বহি থাকিলে নহ'ব ।আজি আমাৰ দেশ ভাৰতবৰ্ষ এখন যুৱ ৰাষ্ট্ৰ। আমি দেশক বৈভৱশালী বনাবলৈ নিজৰ সাধ্য অনুসৰি চেষ্টা চলাব লাগে । ইয়াৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় চিনাকী তথা ৰাষ্ট্ৰীয় সুৰক্ষা আৰু জলন্ত বিষয়বোৰৰ ক্ষেত্ৰত আমি সজাগ হৈ থাকিব লাগিব । সন্তানৰ জন্ম দিয়া বিষয়টো মাতৃ সমাজৰ স্বাস্থ্য, আৰ্থিক শক্তি, শিক্ষা আৰু ইচ্ছা ৰ লগত জড়িত । প্ৰতিটো পৰিয়ালৰ এইটো এটা ব্যক্তিগত আৱশ্যকতা । জনসংখ্যা ই পৰ্যাৱৰণ ৰ ক্ষেত্ৰত ও যথেষ্ট প্ৰভাৱ পেলায় । সেয়েহে জনসংখ্যা ৰ নীতি এই কথাবোৰ ভিত্তিৰ ওপৰত হওক । শেহতীয়া ভাৱে NFHS ৰ ৰিপোৰ্ট আহিছে । আজিৰ তাৰিখত ভাৰতত প্ৰজনন ৰ হাৰ ২.০ । এইক্ষেত্ৰত দুটা প্ৰশ্ন আমাৰ সম্মুখত আহিছে ,সমাজ বিজ্ঞানী সকলে কৈছে যে বহু সৰু পৰিয়াল হোৱাৰ কাৰনে পৰিয়ালত সুৰক্ষা ৰ অভাৱ , সামাজিক হেচা ৰ দৰে বিভিন্ন অন্য জলন্ত সমস্যা বোৰে আজি পৰিয়ালবোৰত দেখিবলৈ পোৱা গৈছে । আজি আমাৰ পৰিয়াল ব্যাৱস্থা টোৰ ওপৰত প্ৰশ্নচিন্হ আহি পৰিছে । দ্বিতীয় টো হৈছে বিকৃতভাৱে জনসংখ্যা ৰ বৃদ্ধি । যেতিয়াই কোনো দেশত জনসংখ্যা ৰ বৃদ্ধি ত বিকৃত ৰূপ দেখিবলৈ পোৱা যায় , তেতিয়া ইয়াৰ প্ৰভাৱ ভৌগোলিক সীমা ত স্পষ্টকৈ দেখিবলৈ পোৱা যায় । ধৰ্মান্তৰণ তথা অৱৈধ প্ৰৱেশে কেনেকৈ গা কৰি উঠে সেই কথা আজি সকলোৱে অনুভৱ কৰিছে । এই সকলোবোৰৰ ক্ষেত্ৰত আমি সজাগ হোৱা টো অত্যন্ত দৰকাৰ । জনসংখ্যা নিয়ন্ত্ৰণ ৰ লগতে জনসংখ্যাৰ ভাৰসাম্য ৰ বিষয়টোও অত্যন্ত গুৰুত্বপূৰ্ণ। গণতন্ত্ৰ এখনত প্ৰতিজন জনসাধাৰণৰ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ তথা সৰ্বব্যাপী। সামাজিক নিয়ম বনোৱা, গ্ৰহণ কৰা আৰু আশা কৰা ফলাফলৰ স্বীকৃতি তাৰ পৰাই আহে।নিজৰ ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি আমি ৰাষ্ট্ৰৰ স্বাৰ্থত,  দৰিদ্ৰ তথা নিপীড়িত লোকৰ স্বাৰ্থত সদায় থিয় দিব লাগিব । এইক্ষেত্ৰত প্ৰতিজন জনতাৰ ত্যাগে এক বিশেষ "স্ব" ৰ অনুভৱ কৰাব দিয়ে অনাগত সময়ত ৰাষ্ট্ৰ নিৰ্মান ৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা বহন কৰিব । আমি সকলো এক , এই অনুভৱ আমি সচা অৰ্থ ত অনুভৱ কৰি আমি হাতে হাত ধৰি আগবঢ়াৰ সময় এয়া । বসুধৈৱ কুটুম্বকম ৰ মহামন্ত্ৰৰে আমি আগবাঢ়িব লাগিব । সমাজৰ সকলো প্ৰকাৰৰ বিবিধতাৰ সুৰক্ষা আৰু বিকাশৰ শ্ৰীবৃদ্ধি ত আমি গুৰুত্ব দিব লাগিব সেয়াই হৈছে আমাৰ ধৰ্ম । সত্য, কৰুনা , শুদ্ধতা আৰু সাধনা এই চাৰিটা তত্ব ৰ আধাৰেই সমাজত সমন্বয়, সংবাদ , শ্ৰদ্ধা আৰু শান্তি ৰ মণিকাঞ্চন সংযোগ ঘটায় । 
আমাৰ জাতীয় জীৱনৰ এই চিৰন্তন প্ৰবাহ একে উদ্দেশ্যৰে প্ৰাচীন কালৰে পৰা একে ধৰণে চলি আহিছে। সময় পৰিস্থিতি অনুযায়ী ৰূপ তথা শৈলীৰ কিছু সলনি হৈছে যদিও মূল বাৰ্তা তথা উদ্দেশ্য একেই আছে।  সত্য, কৰুণা, আভ্যন্তৰীণ পবিত্ৰতা এই তিনিটাৰ অভ্যাসে আমাক সচা অৰ্থ ত মানুহ কৰে । ৰাষ্ট্ৰ ভক্তি, আমাৰ পূৰ্বপুৰুষ সকলৰ আদৰ্শ আৰু সনাতন সংস্কৃতি, এই তিনিওটাৰ সংমিশ্ৰণে হৈছে আমাৰ ৰাষ্ট্ৰ ধৰ্ম । আৰম্ভণিৰে পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এই মুল বিন্দুৰ ওপৰত গুৰুত্ব দিবলৈ সমাজলৈ আহ্বান দি আহিছে।আজি এনে সময় আহিছে আজি সমাজে ও সেই আহ্বানত প্ৰতি সহাঁৰি দিবলৈ আগবাঢ়ি আহিছে । সমাজে অনুভৱ কৰিছে সচা অৰ্থ ত ৰাষ্ট্ৰ ধৰ্ম কি ? সেয়েহে আজি সংঘ ৰ সাংগঠনিক শক্তি যথেষ্ট বৃদ্ধি হৈছে । পৃথিৱীত দুষ্ট শক্তি এতিয়াও আছে , এই সকলৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ তথা সমাজক সুৰক্ষিত ৰাখিবলৈ সৎ ব্যক্তি সকল সংগঠিত হৈ থকাটো অত্যন্ত প্ৰয়োজনীয়। এয়াই হিন্দু সমাজৰ সংগঠনৰ কাম কিয়নো এই বিচাৰ হৈছে হিন্দু ৰাষ্ট্ৰ ৰ বিচাৰ । সেয়েহে সংঘ ই এই বিচাৰত বিশ্বাসী সকলোৰে সংগঠন , হিন্দু ধৰ্ম , সংস্কৃতি আৰু সমাজৰ সংৰক্ষণ তথা সৰ্বাংগীন উন্নতিৰ কাৰনে কাম কৰি আহিছে ।সমাজখন শক্তিশালী কৰিবলৈ হলে বিৰোধ নহয় বিকল্প এই মহামন্ত্ৰ ৰে আমি আগবাঢ়িব লাগিব । আজি একাংশ ৰ দ্বাৰা সংখ্যালঘু খিনি ৰ ওপৰত ভয় ৰ বাতাবৰণ সৃষ্টি কৰি থকা হৈছে । হিন্দু সমাজ সংগঠিত হ'লে সংখ্যালঘু খিনি ৰ ওপৰত অত্যাচাৰ বাঢ়িব এনে কিছুমান মনে সজা কথা প্ৰচাৰত একাংশ ব্যস্ত হৈ আছে । এয়া সম্পূৰ্ণ ভিত্তিহীন , হিন্দু সমাজ কেতিয়াও তেনে নাছিল আৰু ভৱিষ্যলৈও নহয় । সংঘ ই সম্পূৰ্ণ ৰূপে ভাতৃত্ববোধ তথা শান্তি ৰ পক্ষৰ থিয় দি আহিছে আৰু ভৱিষ্যত লৈও থাকিব ।এজনে সিজনৰ দুখ সুখ ৰ সহযাত্ৰী হওক, ভাৰতক অনুভৱ কৰক , ভাৰত ৰ শ্ৰীবৃদ্ধি ত সহযোগী হওক , একাত্মতাবোধ ক অনুভৱ কৰি ৰাষ্ট্ৰ নিৰ্মানৰ কামত সমৰ্পণেই আশা সংঘ ই কৰি আহিছে । সংঘৰ অন্য কোনো উদ্দেশ্য বা স্বাৰ্থ নাই । 
কিছুমাহ পুৰ্ৱে  উদয়পুৰত সংঘটিত হৈছিল এক অতি জঘন্য আৰু হৃদয়বিদাৰক ঘটনা। গোটেই সমাজ স্তম্ভিত হৈ পৰিছিল ।  এনেবোৰ ঘটনাৰ যেন কেতিয়াও পুনৰাবৃত্তি নহয় এই ক্ষেত্ৰত ও আমি সজাগ হ'ব লাগিব । এই ক্ষেত্ৰত মুছলমান সমাজে ও আগবাঢ়ি আহিব লাগিব । সকলোৱে আকোৰগোজ মানসিকতা এৰিব লাগিব । আমি সচা অৰ্থ ত অনুভৱ কৰিব লাগিব আমি একেখন ভাৰতৰে ই সন্তান , আমাৰ পুৰ্বপুৰুষ ভাৰতীয় , আমাৰ সংস্কৃতি ভাৰতীয় সংস্কৃতি এয়াই আমাৰ মহামন্ত্ৰ হোৱা উচিত । 
আজি আমাৰ ৰাষ্ট্ৰ ই ৭৫ তম্  স্বাধীনতাৰ ফালে গতি কৰিছে ।  স্বামী বিবেকানন্দই ভাৰতবৰ্ষ ক মাতৃ বুলি অনুভৱ কৰি আৰাধনা কৰিবলৈ আহ্বান জনাইছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ঋষি অৰবিন্দ ই নিজৰ ভাষণ ত নিজৰ পাচটা সপোনৰ কথা উল্লেখ কৰিছিল । ভাৰতৰ স্বাধীনতা আৰু একাত্মতা ই ইয়াত আগস্থান পাইছিল । সাংবিধানিক পদ্ধতিৰে ৰাজ্যসমূহৰ একত্ৰীকৰণৰ দ্বাৰা এক নতুন ভাৰত ৰ সৃষ্টি ত তেওঁ মত পোষণ কৰিছিল । ইয়াৰ সমান্তৰালকৈ তেখেতে অখণ্ড ভাৰতবৰ্ষ ৰ ওপৰত ও গুৰুত্ব আৰোপ কৰিছিল । তেখেতে কৈছিল যে , ৰাষ্ট্ৰ ৰ সম্মুখত এনে সময় আহে যেতিয়া এক বিশেষ উদ্দেশ্য ৰ কাৰনে কিছুমান বিশেষ কাম ও কিছুসময়ৰ কাৰনে ৰৈ যায় । এতিয়া এই বিশেষ সময় আহি পৰিছে যিটো সময়ত ৰাষ্ট্ৰ প্ৰেম তথা ৰাষ্ট্ৰ ভক্তি তকৈ উৰ্ধত একো নহয় । যদি আপুনি অধ্যয়ন কৰে সেই বিষয়ত অধ্যয়ণ কৰক , সমান্তৰালকৈ আপোনাৰ শৰীৰ , মন আৰু আত্মাক সেই বিশেষ সেৱা কাৰ্যৰ কামৰ প্ৰস্তুত কৰাওক । বিদেশ লৈ ও এই কাৰনে যাওক যাতে তাৰ পৰা উভতি আহি ইয়াত সেৱা কৰিব পাৰে । ইয়াৰ বৈভৱৰ কাৰনে কাম কৰক । এই ৰাষ্ট্ৰ ৰ আনন্দ ৰ কাৰনে নিজে কষ্ট কৰক । ৰাষ্ট্ৰ ৰ সৰ্বাংগীন প্ৰগতিত নিজে সমৰ্পিত হওক। 


এয়াই আজিও ভাৰতবাসীৰ বাবে সাৰ্বজনীন বাৰ্তা।
I ভাৰত মাতা কী জয়।

1 Comments:

At December 21, 2022 at 6:53 PM , Blogger ExploreWithDJLagachu.in said...

Bharat maata ki jai

 

Post a Comment

Subscribe to Post Comments [Atom]

<< Home