Thursday, August 25, 2022

এই সময় সেই সময়


ড৹ ৰীতা চৌধুৰী - নামটোৰ গভীৰতা হয়তো মই বুজি নাপালোহেঁতেন, যদিহে 'এই সময় সেই সময়' পঢ়াৰ সুযোগ মই নাপালোহেঁতেন। এনে এখন কিতাপৰ ওপৰত মতামত জনোৱাটো কঠিন। এয়া এক প্ৰচেষ্টা মাথোঁ।

উপন‍্যাসখনৰ পটভূমি 'অসম আন্দোলন' আৰু তাৰ পিছৰ পৰিস্থিতি, যি আন্দোলনে অসমীয়া জাতিৰ অস্তিত্ব জীয়াই ৰখাৰ বাট মুকলি কৰি দিছিল। সেই আন্দোলনে কেনেকৈ এচাম অসমীয়াক ৰাজনীতিৰ মেৰপাকত সুমু্ৱাই পেলাইছিল আৰু তাৰ ফলশ্ৰুতিত কি কি হৈছিল সেই সকলো ঘটনাৰ বৰ্ণনাৰে পৰিপূৰ্ণ - 'এই সময় সেই সময়'। ই সম্পূৰ্ণৰূপে কাল্পনিক যদিও সেই কল্পনা বাস্তৱৰ কঠিন মাটিৰে গঢ়া। সমাজ, নাৰী, ৰাজনীতি, দৰিদ্ৰতা আদি সামাজিক দিশসমূহক শব্দৰূপ দিয়াৰ প্ৰচেষ্টাতে জন্ম হৈ উঠিছে অদিতি, চন্দন, অৰণ‍্য, কাজৰি, কস্তুৰী, সুকন‍্যা, অলকেশ, শুভংকৰ তথা অমিতৰ দৰে চৰিত্ৰৰ। আনন্দ, আশা, বিশ্বাসৰ লগতে একেখন সমাজতে সহবাস কৰে হতাশা, আশ্চৰ্য, যন্ত্ৰণায়ো যাক স্বচ্ছৰূপত ফুটাই তুলিছে কেৱল ড৹ ৰীতা চৌধুৰীৰ দৰে এগৰাকী সাহিত‍্যিকৰ তীক্ষ্ণ কলমে।
এগৰাকী নাৰীৰ অস্তিত্ব কেৱল স্বামীৰ মাজতেই সীমাবদ্ধ নহয়, কিন্তু স্বামীৰপৰা আঁতৰি আহি বেলেগে থাকিবলৈ লোৱা নাৰী এগৰাকীক সমাজে কি দৃষ্টিৰে চায়, সেয়া অদিতি চৌধুৰী নামৰ চৰিত্ৰটোৰদ্বাৰা সুন্দৰ ৰূপত বৰ্ণনা কৰা হৈছে। একেটা চৰিত্ৰই বৰ্ণনা কৰিছে মাতৃত্ববোধৰ অনুভৱ। জন্ম দিয়া প্ৰতিগৰাকী নাৰীয়েই মাতৃৰ আসন পাব নোৱাৰে আৰু গৰ্ভত সন্তানে স্থিতি নোলোৱাকৈও এগৰাকী নাৰী মাতৃ হ'ব পাৰে। অদিতিৰ জীৱন সহজ নহয়। স্বামীৰ লগত আদৰ্শগত সংঘাত হৈ বিচ্ছেদ হোৱাৰ পিছতো নিজৰ অস্তিত্ব জীয়াই ৰাখে শান্ত, অন্তৰ্মুখী স্বভাৱৰ অদিতিয়ে।
ঠিক সেইদৰে সুকন‍্যা, কস্তুৰী, কাজৰি তিনিটা সম্পূৰ্ণ বেলেগ চৰিত্ৰ কিন্তু প্ৰতিটোতে ফুটি উঠিছে জীৱনৰ তিনিটা ভিন্ন দিশ। এযোৰ অত‍্যাধুনিক সাজ পৰিধান কৰিলেই এজনী ছোৱালীৰ বাস্তৱক চোৱাৰ দৃষ্টিভংগী বা সমাজৰ প্ৰতি, বন্ধুৰ প্ৰতি দায়বদ্ধতা কমি নাযায় বুলি প্ৰমাণ কৰা সুকন‍্যা মোৰ দৃষ্টিত এটি অতি সুন্দৰ চৰিত্ৰ। সুকন‍্যাৰ বন্ধুত্বই নামানে ধনী-দুখীয়া, শান্ত-উদণ্ডৰ একো বান্ধ।

কিন্তু অসম আন্দোলনে তেনে এজাক বন্ধুক লৈ গৈছিল বিভিন্ন বাটলৈ, কাৰোবাক ৰাজনীতি, কাৰোবাক আন্দোলনকাৰী সংগঠনলৈ; কোনোবা দৰিদ্ৰৰপৰা আৰু ধনী হৈছিল, কোনোবাই সৰ্বস্ব হেৰুৱাই আৰু দৰিদ্ৰ হৈ পৰিছিল।

কলেজ, হোষ্টেল, কলেজীয়া ৰাজনীতি আদি দিশবোৰ ফুটাই তোলাৰ চেষ্টাতে জন্ম হৈছিল ভাগৱতীৰ দৰে, জয়শ্ৰীৰ দৰে পৰশ্ৰীকাতৰ টেঙৰ চৰিত্ৰৰ লগতে অমিত, বাবী, বিক্ৰম, অসমীৰ দৰে এজাক কলেজীয়া শিক্ষাৰ্থীৰ, য'ত সকলোৰে জীৱনৰ উদ্দেশ‍্য, লক্ষ‍্য, সমাজক চোৱাৰ দৃষ্টিভংগী ভিন্ন।

নিজৰ ভনীয়েকক তোলনীয়া বুলি হেয়জ্ঞান কৰা কাজৰিয়ে যেতিয়া বুজিছিল প্ৰকৃত মাতৃত্বৰ অৰ্থ, মাকৰ প্ৰতি তাইৰ বুকুখন মৰম আৰু শ্ৰদ্ধাৰে ভৰি পৰিছিল। মই ভাবোঁ উপন‍্যাসখন এইখিনিতেই সফল হৈছিল। গ্ৰন্থপ্ৰিয় মানুহৰ বাবে 'এই সময় সেই সময়' নিঃসন্দেহে এখন উৎকৃষ্ট কিতাপ কাৰণ 'সেই সময়'ৰ বুকুতহে জন্ম হয় 'এই সময়'ৰ।

0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home