সাধাৰণ ভাবে পৰিবেশন কৰা ভাত এসাঁজ।
#আমিষ।
# সাধাৰণ ভাবে পৰিবেশন কৰা ভাত এসাঁজ।
ভাত সাজত আছে....,
প্লেইন ভাত।
মচুৰ দাইল, কঠাঁল গুটি,কচু থোৰ, চেংমৰা, মেজেঙাৰে আঞ্জা।
নৰসিংহৰ পাতেৰে মাছৰ জোল।
মাছ ফ্ৰাই।
কচু ক'লা পিটিকা।
ভাতকেৰেলা ফ্ৰাই।
পাপৰ ফ্ৰাই।
শুকলতি পাতৰ বৰ।
ভেদাইলতাৰ চাটনি।
তেলত থোৱা ভুত জলকীয়া।
নেমু।
নিয়ম অনুসৰি নৰসিংহৰে মাছৰ জোলকন কেনেকৈ ৰাঁন্ধিলো তাকে লিখিছো।
উপকৰণ :-
ৰৌ মাছ চাৰিডোখৰ মান।
নৰসিংহৰ কুমলীয়া পাত অলপ।
বিলাহী এটা।
পিয়াঁজ এটা।
আদা সৰু এডোখৰ।
নহৰু দুফুটামান।
হালধি আধা চামুচ।
কেচা জলকীয়া দুটা।
মিঠাতেল ডাঙৰ চামুচৰ দুচামুচ।
নিমখ জোখত।
কালজিৰা সৰু চামুচৰ আধা চামুচ।
প্ৰনালী :- মাছকেইডোখৰ ভালকৈ ধুই হালধি, নিমখ সানি গৰম তেলত আধা ভজা কৰি সেই তেলতে কালজিৰা,হালধি দি মিক্সিট পিচি লোৱা নৰসিংহৰ পাত, পিয়াঁজ, গুটি এৰুৱাই লোৱা বিলাহী, আদা নহৰু ,কেচা জলকীয়াৰ পেষ্টখিনি দি ভাজি কম জুইত অলপ দেৰি ঢাকোন লগাই দিলো। ঢাকোন এৰুৱাই লৰাই পেষ্টখিনিয়ে যেতিয়া তেল এৰিলে গৰম পানী দুগিলাচ মান দি ভালকৈ উতল আহিলত আধা ভজা মাছকেইডোখৰ আৰু জোখত নিমখ দি পুনৰ ঢাকোন লগাই জুই বঢ়াই সিজিবলৈ দিলো। সিজাৰ পাছত জোলকন জোখত ৰাখি নমাই ভাতৰ লগত পৰিবেশন কৰিলো।


0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home