Ei Akash Baro Bishal Song by Jayanta Hazarika
Ei Akash Baro Bishal
Song by Jayanta Hazarika
এই আকাশ বৰ বিশাল
এই পথাৰ বৰ ৰসাল,
তেৱো কিয় লাগে উকা
তেৱো কিয় লাগে উকা
মোৰ মন পথাৰতে
তই ৰ’বি হৈ জীপাল….
আহ… উৰি আহ….
অ’ সজল মেঘ,
চা… জুমি চা…
অ’ কোমল মেঘ
মন আকাশ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল….
জুৰি বয় নদীলৈ
নদী যায় সাগৰলৈ,
বনফুল চুবলৈ
কোন যায় বতাহে হৈ….
তই নদী হৈ আহ কাষলৈ,
মন সাগৰৰ
পথ আহি বোল,
মন সাগৰ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল
তেৱো কিয় লাগে উকা….


0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home