Monday, February 22, 2021

Borkha ritu bhal pao moi

 

বৰ্ষা ঋতু ভাল পাওঁ মই ৷৷ Borkha ritu bhal pao moi ৷৷  Jayanta Hazarika।।  Lyrics By Nirmal Prabha Bordoloi ll

Namasya Khandyatray ৰ কন্ঠস্বৰত.....


Barsha Ritu Lyrics-

বৰষা ঋতু ভাল পাওঁ মই
গায়ক : জয়ন্ত হাজৰিকা


প্রতিশ্রুতি আছে তাত
সেউজী ৰহণ মাথো সিয়েই সানে
শুকান গছৰ গাত । x 2
ধুমুহাই দিয়ে অজান পুলক
ভাল পাওঁ তাৰ গতি x 2
মৰহা পাতৰ ঠাই নাই বুলি
উদ্দম আনে মাতি
নতুন প্রেৰণা দিশ হৈ যায়
ধুৱলি হলেই বাট ।
সোঁনাৰুৰ ফুল ভাল পাওঁ মই
কৃষ্ণঁচুড়াৰ মন x 2
গাজনি বিজুলি যিমানে আহে
সিমানে জিলিকে ৰং
গজলা আকাশৰ তলতে সিহতে
পাতে মোহোনিয়া হাট ।
বৰষাৰ ঋতু ভাল পাওঁ মই
প্রতিশ্রুতি আছে তাত
সেউজী ৰহণ মাথো সিয়েই সানে
শুকান গছৰ গাত...

বৰষাৰ ঋতু ভাল পাওঁ মই

****





0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home