Wednesday, December 30, 2020

গ্ৰন্থ জ্ঞানৰ সমুদ্ৰ আৰু গ্ৰন্থৰ অধ্যয়ন জীৱনৰ ছন্দ প্ৰাপ্তিৰ এখন সংগ্ৰাম৷ জন্মৰে পৰা জীৱনৰ শেষৰ জিৰণি বেলালৈকে গ্ৰন্থৰ তত্বই আমাক আন্ধাৰৰ মাজত পোহৰৰ মাৰ্গ দৰ্শন কৰাই যায়৷ এখন প্ৰেৰণাত্মক আৰু গঠনমূলক জ্ঞান সমৃদ্ধ গ্ৰন্থ মানুহৰ জীৱনৰ শ্ৰেষ্ঠতম বন্ধু সম৷ জীৱশ্ৰেষ্ঠ মানুহ হোৱাৰ শ্ৰেষ্ঠতা খিনিৰ মাজত নিহিত থাকে এখন উৎকৃষ্ট গ্ৰন্থৰ অৱদান৷ আজি গুৱাহাটীৰ চান্দমাৰী স্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাত আজি উপস্থিত হওঁ ॥

Labels:

0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home